প্ৰাক্তন সেনা জোৱানক গুলীয়াই হত্যা! তাৰ পিছতে গাঁওবাসীৰ প্ৰহাৰত মৃত্যু ২ দুস্কৃতিকাৰীৰ

156

বিহাৰত এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানক গুলীয়াই হত্যা কৰাৰ পিছতে অভিযুক্ত তিনি দুষ্কৃতিকাৰীক খেদি খেদি ধৰে গাঁওবাসীয়ে। ইয়াৰে দুজনক ৰাইজে হত্যা কৰে। তৃতীয়জন ব্যক্তিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সেনা জোৱানৰ ওপৰত আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰোহতাছ জিলাৰ কল্যাণী গাঁৱত। বুধবাৰে পুৱা প্ৰায় ৯:৪৫ বজাত গাঁওখনত প্ৰৱেশ কৰা বাইক আৰোহী তিনিজন দুষ্কৃতিকাৰীয়ে অৱসৰপ্ৰাপ্ত সেনা জোৱান বিজেন্দৰ সিঙক গুলীয়াই হত্যা কৰে। কাম সম্পূর্ণ কৰি পলায়ন কৰাৰ সময়তে ৰাইজৰ ক্রোধৰ সন্মুখীন হ’বলগীয়া হয় দুর্বৃত্ত৷ তিনি যুৱকক খেদি খেদি প্ৰহাৰ কৰে স্থানীয় ৰাইজে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে অভিযুক্তক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। তাতেই দুজন অভিযুক্ত মিথিলেশ কুমাৰ (২৩) আৰু আদিত্য কুমাৰ (২৫)ৰ মৃত্যু হয়। অজিত কুমাৰ চিকিৎসাধীন হৈ আছে।

আৰক্ষী অধীক্ষক বিনীত কুমাৰে জানিবলৈ দিয়া মতে, হত্যাকাণ্ডৰ পিছত পলায়ন কৰি থকা অৱস্থাত ৰাইজে অপৰাধীকেইটাক ধৰিলে। সেই সময়ত অভিযুক্তসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে উত্তৰত গুলীচালনা কৰে। যাৰ ফলত আহত হয় এজন গাঁৱৰ মানুহ।