ষ্টাফৰিপোৰ্টাৰ, ২৮ এপ্রিল, ২০২০ :: ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ ছাত্র-ছাত্রী সকলক অসম চৰকাৰে নিজ ৰাজ্যলৈ ঘূূৰাই অানি তেওঁলোকৰ লগতে পৰিয়ালসমূহক যি সকাহ প্ৰদান কৰিলে তাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। গগৈয়ে লগতে কয় ” কোটাৰ ওপৰিও দেশৰ বিভিন্ন ঠাইত এতিয়াও অসমৰ বহু হাজাৰ ছাত্র-ছাত্রী দুৰ্ভাগ্যজনক ভাৱে আবদ্ধ হৈ আছে। ঠিক তেনেদৰে চিকিৎসা লাভৰ বাবে যোৱা বহুতো লোক বিভিন্ন ঠাইত আবদ্ধ হৈ আছে। যিসকলৰ দোষ কুলাই পাচিৰে নধৰা হৈছে। এই সকলোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে অসম চৰকাৰে নিজ ৰাজ্যলৈ ঘূৰাই আনিব লাগে বুলি অসম চৰকাৰক দাবী জনাইছে। ইয়াৰ ওপৰিও দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা আমাৰ লক্ষ লক্ষ যুৱক-শ্ৰমিক সকল বৰ্তমান কৰ্মহীন হৈ নানান সমস্যাৰ সন্মুখীন হৈছে। অন্যান্য কিছুমান ৰাজ্যই ব্যৱস্থা গ্রহণ কৰাৰ দৰে অসম চৰকাৰেও এই শ্ৰমিক সকলক সোনকালে গৃহ ৰাজ্যলৈ ঘূৰাই আনিবৰ বাবে যথোচিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে।
আনহাতে, সোমবাৰে অনুষ্ঠিত হোৱা অসম মন্ত্রী সভাৰ কেবিনেট বৈঠকক লৈও প্ৰাক্তন মুখ্যমন্ত্রী গৰাকীয়ে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ কয় কৰ’নাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত হোৱা আমাৰ কৃষক, পশুপালক, মধ্যম আৰু ক্ষুদ্র ব্যৱসায়ী সকল, দৈনন্দিন উপাৰ্জন কৰা দৈনিক মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিক সকাহ দিবৰ বাবে কেবিনেটে কোনো ব্যৱস্থা গ্রহণ নকৰাতো অতি পৰিতাপৰ বিষয়।ইয়াৰ পৰাই বুজা যায় চৰকাৰখনে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ এই লোকসকলৰ বাবে কোনো আঁচনিয়েই গ্রহণ কৰা নাই। যাৰবাবে গগৈয়ে অসম চৰকাৰক গৰিহণা দিছে। কৰ’নাৰ ফলত বিস্তৰ ক্ষতিগ্রস্ত হোৱা এই লোকসকল যাতে ইয়াতকৈ অধিক দুৰ্দশাগ্ৰস্ত হৈ মৃত্যুৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে অনতিপলমে সকাহ দিব পৰা এখন আঁচনি গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।
