প্ৰাক্তন বিধায়ক হেমেন দাসৰ স্বাস্থ্য সংকটজনক

74

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন বিধায়ক তথা বাওপন্থী নেতা হেমেন দাস বৰ্তমান চিকিৎসাধীন হৈ আছে। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰা হেমেন দাসৰ স্বাস্থ্য বৰ্তমান সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসকে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ চিকিৎসা চলাই থকা হৈছে।

উল্লেখ্য যে, সৰভোগ বিধানসভা সমষ্টিৰ পৰা ৪ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা হেমেন দাস সমষ্টিটোত যথেষ্ট জনপ্ৰিয় হোৱাৰ লগতে বিভিন্ন সামাজিক প্ৰতিষ্ঠানৰ সৈতেও ওতঃপ্ৰতঃভাৱে জড়িত হৈ আহিছে।