প্ৰাক্তন ফুটবলাৰ ৰাহাজুদ্দিন আহমেদেলৈ এ আই ইউৰ এফৰ ৫০ হাজাৰ টকাৰ অনুদান

52

ষ্টাফৰিপৰ্টাৰ, ৰাজ্যৰ এজন সুদক্ষ ফুটবলাৰৰ দূৰৱস্থাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ অসমৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলিট আৰু সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবলত অসমক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ফুটবলাৰ ৰাহাজুদ্দিন আহমেদে গুৱাহাটীৰ পদ পথত পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিব লগা হোৱা বাতৰি যি ইতিমধ্যে প্ৰকাশ পাইছে ৷ এই বাতৰি প্ৰত্যক্ষ কৰি এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা এনে এজন সুদক্ষ খেলুৱৈৰ দুৰৱস্থাক দূৰ্ভাগ্যজনক বুলি ব্যক্ত কৰিছে ৷ সংবাদ মাধ্যমক আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ গৰাকীয়ে কয় ‘ৰাহাজুদ্দিন আহমেদকে ধৰি এনে ধৰনৰ প্ৰতিভাবান খেলুৱৈ সকলক অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীক সকলো ধৰনৰ সহায় সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায় ৷ লগতে সাংসদ বদৰুদ্দিন আজমল চাহাবৰ পৰিয়ালৰ দ্বাৰা গঠিত বেচৰকাৰী সংস্থা আজমল ফাউন্ডেচনৰ পৰা ৫০ হেজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰাক্তন খেলুৱৈ ৰাহাজুদ্দিন আহমেদলৈ আগবঢ়োৱাৰ কথা ঘোষনা কৰে আৰু সোনকালে ৰাহাজুদ্দিন আহমেদক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে ৷