প্ৰাক্তন ছাত্ৰনেতাৰ ৰাজপথত গুণ্ডাগিৰি

77

প্ৰাক্তন ছাত্ৰনেতাৰ ৰাজপথত গুণ্ডাগিৰি ।

নগাঁৱৰ উৰিয়াগাঁও বাইপাছত গুণ্ডাগিৰি চলালে আছুৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক ঋত্বিক কাশ্যপে।

অ’ভাৰ লোড বাহনৰ চালকক ভয় দেখুৱাই ধুন লুটাৰ চেষ্টা ঋত্বিক কাশ্যপৰ।

আৰক্ষীৰ ভয় দেখুৱাইয়ো ধন সংগ্ৰহৰ চেষ্টা ঋত্বিকৰ।

ঋত্বিকৰ এনে অপকৰ্মত সংগ প্ৰদান নিবিৰ পল নামৰ আন এজন যুৱকৰ।

বৰ্তমান নগাঁও আৰক্ষীৰ কবলত ঋত্বিক কাশ্যপ আৰু নিবিৰ পল।

জাগীৰোডৰ চাহিল আলিৰ অভিযোগ অনুসৰি নগাঁও সদৰ আৰক্ষীয়ে আটক কৰিছে অপকৰ্মত নিয়োজিত দুই যুৱকক।

উল্লেখ্য যে ঋত্বিক কাশ্যপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লঘু ক্ৰীড়া সম্পাদকৰ পদতো পূৰ্বতে নিয়োজিত আছিল।