প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ হৃদৰোগত আক্ৰান্ত হৈ বিয়োগ

60

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী আৰতি হাজৰিকা কছাৰীৰ বুধবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। ২০১১ চনৰ পৰা ২০১৫ চনলৈ দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা হিচাপে কাৰ্যনিৰ্বাহ কৰা কংগ্ৰেছ নেত্ৰীগৰাকী মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত দেৰগাঁৱৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পুৱতি নিশা প্ৰায় ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে।

অতি বিনম্ৰ স্বভাৱৰ আৰতি হাজৰিকা কছাৰীৰ বিয়োগত সমগ্ৰ দেৰগাঁৱতে শোকৰ ছাঁ পৰিছে। বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকাৰ দায়িত্বত থকা প্ৰয়াত নেত্ৰীগৰাকী আছিল একালৰ দেৰগাঁও নগৰ সমিতিৰ সভানেত্ৰী। আৰতি হাজৰিকা কছাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।