গুজৰাটৰ এখন আদালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ সৈতে জড়িত এক গোচৰত ৭ জুনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক নতুনকৈ চমন জাৰি কৰিছে।
আহমেদাবাদৰ মহানগৰ দণ্ডাধীশ আদালতে এই চমন জাৰি কৰিছে।
১৫ এপ্ৰিলত আদালতে অৰবিন্দ কেজৰিৱাল আৰু সঞ্জয় সিঙক আদালতৰ সন্মুখত উপস্থিত থাকিবলৈ কৈছিল। আজি শুনানিৰ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।
ইয়াৰ পূৰ্বে মাৰ্চ মাহত গুজৰাট উচ্চ ন্যায়ালয়ে মুখ্য তথ্য আয়োগৰ নিৰ্দেশ বাতিল কৰি ৰায় দিছিল যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ প্ৰয়োজন নাই।
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেজৰিৱালে বিজেপিক সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে কলেজৰ ডিগ্ৰী ৰাজহুৱা ডমেইনত ৰাখিব লাগে।
“তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে কিমান পঢ়া-শুনা কৰিছে সেই কথা জনাৰ অধিকাৰো দেশৰ নাইনে? আদালতত ডিগ্ৰী দেখুৱাবলৈ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। কিয়? আৰু ডিগ্ৰী চাবলৈ দাবী কৰাসকলক জৰিমনা বিহা হ’ব? এইটো কি হৈছে? নিৰক্ষৰ নে।” কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে অতি বিপজ্জনক।’- এই টুইটত এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।