প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ বিপদৰ অন্ত পৰা নাই

76

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদৰ অন্ত পৰা নাই। ৫ আগষ্টত প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ ঢাকাৰ পৰা ভাৰতলৈ আহি আশ্ৰয় ল’ব লগা হৈছিল। ভাৰতলৈ অহাৰ পূৰ্বে শ্বেখ হাছিনাইও প্ৰধানমন্ত্ৰীৰ পদ এৰিব লগা হৈছিল। এতিয়া বৰ্তমানৰ বাংলাদেশ চৰকাৰেও শ্বেখ হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰাৰ কথা ঘোষণা কৰিছে, অৰ্থাৎ শ্বেখ হাছিনা ভাৰতলৈ অহা পাছপ’ৰ্টটো এতিয়া বৈধ নহয়। পাছপ’ৰ্ট বাতিলৰ বাবে এতিয়া শ্বেখ হাছিনা বাংলাদেশলৈ উভতি যোৱাৰ হেঁচাত পৰিব।বাংলাদেশৰ চৰকাৰী পাছপ’ৰ্ট থকা এজন ব্যক্তিয়ে ভাৰতত ভিছা অবিহনে ৪৫ দিন থাকিব পাৰিব। বৰ্তমান ভাৰতত আশ্ৰয় লোৱাৰ বাবে শ্বেখ হাছিনাই ভাৰতত থকাত কোনো সমস্যাৰ সন্মুখীন নহ’বও পাৰে, কিন্তু এতিয়া তেওঁ আন কোনো দেশলৈ যাব নোৱাৰিব।