ষ্টাফৰিপোৰ্টাৰ, ২৮ এপ্ৰিল: ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত সহাঁৰি জনাই প্ৰধানমন্ত্ৰী কেয়াৰ পুঁজিলৈ অনুদান আগবঢ়াইছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে। সেই অনুসৰি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানে ‘পি এম কেয়াৰ ‘ লৈ মুঠ ২ লাখ ৪২ হাজাৰ ৬০০ টকা আগবঢ়ায়। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ অক্ষয় চন্দ্ৰ কলিতাই জানিবলৈ দিয়ামতে, শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে এদিনৰ দৰমহা তথা তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী সকলে আধা দিনৰ দৰমহা প্ৰধানমন্ত্ৰী কেয়াৰ পুঁজিলৈ আগবঢ়ায়। উল্লেখ , ইয়াৰ পূৰ্বেও অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ সহিতে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে অসম আৰোগ্য নিধিলৈ এদিনৰ দৰমহা আগবঢ়াইছিল।
