প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ দলত্যাগ জ্যেষ্ঠ কংগ্ৰেছ নেতা মনোজ ধনোৱাৰৰ

70

প্ৰদেশ কংগ্ৰেছক আন এক মোক্ষম আঘাত। এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ২০২১ৰ নিৰ্বাচনত লাহোৱাল সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মনোজ ধনোৱাৰে।

ধনোৱাৰে চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰে। তেওঁ প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰামেশ্বৰ ধনোৱাৰৰ পুত্ৰ।

এপিচিচিৰ সভাপতি ভূপেন বৰালৈ লিখা পদত্যাগ পত্ৰত ধনোৱাৰে কয় যে তেওঁ কোনো ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে।

মনোজ ধনোৱাৰে দলটোৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে। তেওঁ দলটোক এখন লক্ষ্যহীন নাওৰ সৈতে তুলনা কৰে।

তেওঁ লগতে কয়, “যদিও মই চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিলো, কিন্তু আমাৰ নেতাসকলৰ জোৰত, মই ভাবিছিলো যে পৰিস্থিতি ভালৰ বাবে সলনি হ’ব। কিন্তু আজি মই কোনো দিশ নোহোৱাকৈ নাও এখনত যাত্ৰা কৰিবলৈ মন গৈছে। কংগ্ৰেছ দল এৰি দুখ অনুভৱ কৰিছো যাৰ সৈতে কেৱল মই নহয়, মোৰ দেউতাও ৪ দশকৰো অধিক সময় ধৰি জড়িত আছিল। সেইটো সময়ৰ প্ৰয়োজন।”