প্ৰতি ৰবিবাৰে ৰঙিয়াৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান খোলা থাকিব বন্ধ হ’ব প্ৰতিটো বুধবাৰে

57

ষ্টাফৰিপোৰ্টাৰ, ২২ মে’ : ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে
ৰঙিয়া বে-চৰকাৰী বাছ আস্থান ব্যৱসায়ী সন্থাই ব্যৱসায়ী সকলক ধৰি দিয়া সকলোবোৰ নিয়ম ব্যৱসায়ী সকলে ভালদৰে পালন কৰা বাবে ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা সকলো ব্যৱসায়ীক ধন্যবাদ জনাইছো । ভাৰত চৰকাৰৰ শ্ৰমিক আইনৰ অধীনত ব্যৱসায়ী সকলে দোকানৰ কৰ্মচাৰী সকলক সপ্তাহত এদিন চুটি দিয়াৰ ব্যৱস্থা আছে । সেইবাবে ৰঙিয়াত ব্যৱসায়ী সকলে কিছুদিনৰ পৰা কভিড ১৯ ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰবিবাৰে সকলো দোকান বন্ধ কৰিছিল যদিও সেই বন্ধটো এতিয়াৰ পৰা গুচাই সপ্তাহত প্ৰতিটো বুধবাৰে বন্ধটো পলন কৰাৰ সিদ্ধান্ত লোৱা হৈছে । যিহেতু অসম চৰকাৰে লকডাউনৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা আনিছে সেয়েহে ৰঙিয়াত পূৰ্বে চলি অহা বুধবাৰে বন্ধ কৰা নিয়মতো ব্যৱসায়ী সন্থাই পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যদি বুধবাৰে কোনোবা ব্যৱসায়ীয়ে নিজৰ দোকান খোলে তেন্তে তেওঁ আইন মতে দায়ী হব বুলি ৰঙিয়া বে-চৰকাৰী বাছ আস্থান ব্যৱসায়ী সন্থাৰ সভাপতি
গুৰুদাস পাল আৰু সাধাৰণ সম্পাদক ৰবিন দাসে এক বিবৃতি যোগে জনাইছে।