প্ৰতিবাদকাৰী ছাত্ৰীক চুলিত ধৰি বগৰাই অত্যাচাৰ মহিলা আৰক্ষীৰ, তীব্ৰ প্ৰতিক্ৰিয়া

70

আগে আগে প্ৰতিবাদকাৰী ছাত্ৰী, পিছে পিছে স্কুটীত অহা ২ মহিলা আৰক্ষী। তাৰ পিছতে চুলিত ধৰি বগৰাই ছাত্ৰীগৰাকীক অকথ্য নিৰ্যাতন মহিলা আৰক্ষী দুগৰাকীৰ। তেলেংগানাত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতে সংঘটিত এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ছাত্ৰীগৰাকীক এনেদৰে অত্যাচাৰ কৰা মহিলা আৰক্ষী দুগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে নেটিজেনে।

জানিব পৰা মতে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে অধ্যাপক জয়সংখৰ তেলেংগানা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় (পিজেটিএছইউ)ৰ ভূমি উচ্চ ন্যায়ালয়ৰ নতুন চৌহদ নিৰ্মাণৰ বাবে আৱণ্টন কৰাৰ বিৰুদ্ধে বিগত এসপ্তাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

মঙলবাৰেও সাব্যস্ত হোৱা এই প্ৰতিবাদৰ সময়তে প্ৰতিবাদস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত একাংশ শিক্ষাৰ্থীয়ে তাৰ পৰা দৌৰি পলায়নৰ চেষ্টা কৰে।

আৰু ঠিক তেতিয়াই দৌৰি থকা ছাত্ৰীগৰাকীক পিছফালৰ পৰা চুলিত ধৰি আক্ৰমণ কৰে স্কুটীত উঠি অহা মহিলা আৰক্ষী দুগৰাকীয়ে। বাতৰি অনুসৰি, এই আক্ৰমণৰ বলি হোৱা ছাত্ৰীগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত ছাত্ৰ সংগঠন এবিভিপিৰ সদস্য