প্ৰতিকূল বতৰৰ সুযোগ লৈ চিৰাঙৰ বাসুগাঁৱত চোৰে লুটি নিলে জুয়েলাৰীৰ দোকান

68

চিৰাঙৰ বাসুগাঁৱত প্ৰতিকূল বতৰৰ সুযোগ লৈ নিশা চোৰে লুটি নিলে গহণাৰ দোকান। জানিব পৰা মতে, নিশা দিয়া ধুমুহা-বৰষুণৰ মাজতে বাসুগাঁও চহৰৰ প্ৰতিমা জুয়েলাৰ্ছত তলা ভাঙি চোৰে প্ৰৱেশ কৰে আৰু প্ৰায় ৩ লাখ টকা মূল্যৰ সোণ-ৰূপৰ গহণা চুৰি কৰি লৈ যায়।

দোকানৰ স্বত্বাধিকাৰী মৃনাল দেৱনাথে জানিবলৈ দিয়া মতে দোকানত লগোৱা বাৰটা তলা ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল চোৰৰ দল। দোকানত থকা দুই লাখ টকাৰ সোনৰ অলংকাৰ, দুই কিলোগ্ৰাম ৰূপৰ ধাতু, বজাৰৰ মূল্য আনুমানিক এক লাখ চল্লিশ হাজাৰ টকা আৰু নগদ বিশ হেজাৰ টকা সৰ্ব মুঠ তিনি লাখ ষাঠি হাজাৰ টকা চোৰে লৈ যায়।