প্ৰচণ্ড বৰষুণৰ ফলত সংঘটিত দুৰ্যোগত উত্তৰাখণ্ডত বিগত ২৪ ঘণ্টাত মৃত্যু ৯ জনৰ…

96

বাৰিষাৰ বৰষুণে দুৰ্যোগ নমাই আনিছে কেইবাখনো ৰাজ্যলৈ। বুধবাৰে প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছিল। যাৰ বাবে ব্যাহত হৈ পৰিছিল অমৰনাথ যাত্ৰা। সমান্তৰালভাৱে উত্তৰাখণ্ডতো বাৰিষাই নমাই আনিছে প্ৰাকৃতিক দুৰ্যোগ।

বিগত ২৪ ঘণ্টাত উত্তৰাখণ্ডত বৰষুণৰ বাবে সংঘটিত দুৰ্যোগত ৯ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। বুধবাৰে নিশাৰ পৰা হৃষিকেশৰ ধলৱালা আৰু খাৰা অঞ্চল ধাৰাসাৰ বৰষুণত ডুব যায়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। ইফালে, গৌৰীকুণ্ডত খহি পৰাৰ ফলত মৃত্যুৰ খবৰ আহিছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ধলৱালা, খৰাকে ধৰি বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে ৫০ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। আনহাতে, কেদাৰনাথ যাত্ৰাৰ ভিত্তি শিবিৰ গৌৰীকুণ্ডত অবিৰতভাৱে বৰষুণ দি আছে। বুধবাৰে তাত সংঘটিত হোৱা ভগ্নাংশৰ ফলত দুই ভাতৃ-ভগ্নীৰ মৃত্যু হয়। ঘটনাৰ সময়ত তেওঁলোক জুপুৰিটোত শুই আছিল। একে ঘটনাত আন এজন ব্যক্তি আহত হোৱা বুলি জানিব পৰা গৈছে। যোৱা ৫ দিনত গৌৰীকুণ্ডত দ্বিতীয়বাৰৰ বাবে ভূমিস্খলন সংঘটিত হৈছে।

মুঠতে উত্তৰাখণ্ডত ধাৰাবাহিক বৰষুণৰ ফলত যোৱা ২৪ ঘন্টাত ৯ জন লোকৰ মৃত্যু হৈছে। আনুষ্ঠানিকভাৱে আঘাতপ্ৰাপ্তৰ সংখ্যা ১২ জন। নিৰুদ্দেশ হৈছে এজন ব্যক্তি। পৰিস্থিতিৰ ভয়াৱহতাৰ বিচাৰ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জিলা প্ৰশাসনক সজাগ হৈ থকাৰ নিৰ্দেশ দিছে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ বাৰিষা আৰম্ভ হোৱাৰ পৰা উত্তৰ আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহ সংকটত পৰিছে। বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া আপডেট অনুসৰি আজি আৰু আগন্তুক কেইদিনমানৰ ভিতৰত চুবুৰীয়া ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া ৰাজ্য হাৰিয়ানা আৰু পঞ্জাৱতো হ’ব প্ৰৱল বৰুষণ। আনহাতে, দক্ষিণ ভাৰতৰ তামিলনাডুত হ’ব প্ৰবল বৰষুণ। উত্তৰ-পূব অসম, মেঘালয় আৰু অৰুণাচলক সকীয়াই দিয়া হৈছে।