প্লেটিনাম গ্ৰাহক সকলৰ বাবে এয়াৰটেলৰ বিশেষ পদক্ষেপ

75

নেটৱৰ্ক অগ্ৰাধিকাৰৰ জৰিয়তে প্লেটিনাম গ্ৰাহকলৈ মুকলি দ্ৰুত গতিত ৪ জি সেৱা

ষ্টাফৰিপৰ্টাৰ,ভাৰতৰ বৃহত্তম টেলিকম উদ্যোগ ভাৰতী এয়াৰটেল চমুকৈ এয়াৰটেলে তেওঁলোকৰ প্লেটিনাম ম’বাইল গ্ৰাহকৰ বাবে ‘অগ্ৰাধিকাৰভিত্তিক ৪ জি নেটৱৰ্ক মুকলিৰ কথা ঘোষণা কৰিছে। প্লেটিনাম ম’বাইলৰ গ্ৰাহক সকলক নেটৱৰ্কৰ অগ্ৰাধিকাৰ ভিত্তিত সেৱা প্ৰদানৰ বাবে এয়াৰটেলে শেহতীয়া অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। এয়াৰটেল থেংকছ কাৰ্যসূচীৰ অংশ হিচাপে ৪৯৯ টকা বা তাৰ উৰ্দ্ধৰ সকলো পোষ্টপেইড ম’বাইল গ্ৰাহকক প্লেটিনাম গ্ৰাহক হিচাপে বিবেচনা কৰা হৈছে আৰু তেওঁলোকলৈ আকৰ্ষণীয় সুবিধাৰ লগতে এয়াৰটেল থেংকছ এপত কাষ্টমাইজড প্লেটিনাম ইউআইৰ সুবিধা প্ৰদান কৰা হৈছে। এয়াৰটেলে ধাৰাবাহিক ভাৱে “বিশ্বজনীনভাৱে “বেষ্ট ভিডিঅ’এক্সপেৰিয়েন্স’ৰ খিতাপ দখল কৰি আহিছে আৰু অগ্ৰাধিকাৰ ভিত্তিক ৪ জি নেটৱৰ্কৰ মুকলিৰ জৰিয়তে প্লেটিনাম গ্ৰাহক সকলক ডিজিটেল অভিজ্ঞতাৰ পৰিসৰ অধিক বৃদ্ধি হ’ব। এই সন্দৰ্ভত ভাৰতী এয়াৰটেল চিএমঅ’ শ্বাস্বত শৰ্মাই কয়”-এয়াৰটেল থেংকছ কাৰ্যসূচীৰ অংশ হিচাপে আমাৰ প্লেটিনাম ম’বাইলৰ গ্ৰাহকসকললৈ পৃথকীকৃত সেৱা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। সেইবাবে আমি তেওঁলোকলৈ অতিৰিক্ত সেৱা সেৱাৰ অভিজ্ঞতা প্ৰদান কৰিম য’ত থাকিব দ্ৰুত বেগী ৪ জি নেটৱৰ্ক যিয়ে আমাৰ ২৮০ মিলিয়ন গ্ৰাহকক ধাৰাবাহিকভাৱে সদৃশ সমন্বয়ত সেৱা আগবঢ়াব”। উল্লেখযোগ্য যে, গ্ৰাহকসকলে www. airtel.in চাই অথবা এয়াৰটেল থেংকছ এপ ডাউনলোড কৰি অধিক তথ্য লাভ কৰিব পাৰিব।