প্ৰকৃতি আৰু জীৱকুলৰ বাবে ঘাটকস্বৰূপ প্লাষ্টিকৰ বিক্ৰী আৰু ক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। বৃহস্পতিবাৰে এক নিৰ্দেশনা জাৰি কৰি তৎকালীনভাৱে বলবৎ হোৱাকৈ প্লাষ্টিকৰ সকলো ধৰণৰ বেগৰ বিক্ৰী আৰু ক্ৰয়্ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
জিলা প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নোপোৱা পৰ্যন্ত ৬০ দিনলৈ এই নিষেধাজ্ঞা বাহাল থাকিব। আনহাতে প্লাষ্টিকৰ বেগত ভৰাই বিক্ৰী কৰা খাদ্য সামগ্ৰী আৰু ঔষধ আদিৰ উৎপাদনতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্রশাসনে। এই নিৰ্দেশনা অমান্য কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও সকিয়নী প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
উল্লেখ্য যে, প্লাষ্টিকে পৰিৱেশ বিনষ্ট কৰাত মুখ্য কাৰক বুলি ক’লেও ভুল কোৱা নহব। ইফালে প্লাষ্টিকৰ বাবেই বহু জীৱ জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ অহাও পৰিলক্ষিত হৈ আহিছে।
