প্রখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মাৰ বিয়োগ

89

বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান ঘটে৷ লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনৰ এক অমূল্য সম্পদ প্ৰভাত শৰ্মা ৷ তেখেতৰ বিয়োগ অসমৰ সাংস্কৃতিক জগত খনৰ বাবে এক অপূৰণীয় ক্ষতি ৷

জানিব পৰা অনুসৰি, আজি পুৱা ৬ বজাত বিশিষ্ট ব্যক্তিজনৰ মৃত্যু হয় ৷ কিছু দিন পূৰ্বৰেপৰাই সংগীত নাটক অকাডেমী পুৰস্কাৰ প্ৰাপক শৰ্মা স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল ৷ উল্লেখ্য যে, স্বৰ্গীয় প্ৰভাত শৰ্মা অসমৰ বিশিষ্টা গায়িকা তৰালী শৰ্মাৰ পিতৃ ৷