ষ্টাফৰিপৰ্টাৰ, ১০ জুন: ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত বুধবাৰে আবেলি ৪ বজাত সমগ্ৰ অসমৰ প্ৰায় ৬ হাজাৰ “শক্তিকেন্দ্ৰৰ তত্বাৱধায়ক“ সকলৰ সৈতে পোন প্ৰথমবাৰৰ বাবে অসমত এখনি অনলাইন সন্মিলনৰ আয়োজন কৰা হয়৷
উক্ত সন্মিলন সম্ভোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল. সন্তোষ আৰু ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে। ভাৰতীয় জনতা পাৰ্টি , অসম প্ৰদেশৰ ৬০০০ গৰাকী শক্তিকেন্দ্ৰৰ তত্বাৱধয়ক, ৩৯৯ গৰাকী মণ্ডল সভাপতি, ৩৯ গৰাকী জিলা সভাপতি ২৪ গৰাকী ৰাজ্যিক বিষয়-ববীয়া ৮ গৰাকী মৰ্চাৰ ৰাজ্যিক সভাপতিক উক্ত সন্মিলন খনত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ইতিমধ্যে লিংক প্ৰেৰণ কৰা হয়। বুধবাৰে আবেলি ৪ বজাত অনুষ্ঠিত হোৱা “শক্তিকেন্দ্ৰ তত্বাৱধায়ক অনলাইন সন্মিলন“ খনি লাইভ যোগে ফেচবুক আৰু ইউ টিউবত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হয়।
