টকিঅ’ পেৰা অলিম্পিকত প্ৰথমটো স্বৰ্ণজয় ভাৰতৰ। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিং SH-1ত স্বৰ্ণ জয় কৰি সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হয় ১৯ বৰ্ষীয় অৱণী লেখাৰাই।
পেৰা অলিম্পিকত অৱণীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আনন্দ প্ৰকাশ কৰি অৱণীক অভিনন্দন জনায়। উল্লেখ্য যে, অৱণী লেখাৰাই ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিং SH-1ত ২৪৯.৬ পইণ্ট লাভ কৰি পেৰা অলিম্পিকত অভিলেখো সৃষ্টি কৰে।
ইফালে, দেওবাৰে ৰূপৰ পদক জিকি ইতিহাস ৰচিছে দেশৰ পেৰা এথলিট ভাৱিনাবেন পেটেলে। আনহাতে, ডিছকাছ থ্ৰ’ত ৰূপৰ পদক জিকিছে যোগেশ কাথুনিয়াৰে।