পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

89

অসম চৰকাৰৰ ভূমি নীতিক সমালোচনা

ষ্টাফৰিপৰ্টাৰ,চূণচালিবাসীয়ে ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰা ৫০ বছৰ সম্পূৰ্ণ হ’ল যদিও আজিলৈকে ইয়াৰ থলুৱা বাসিন্দাসকলে মাটিৰ পট্টা পাবলৈ সক্ষম নহ’ল। পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মঙলবাৰে গোপাল নগৰৰ উত্তৰ নুনমাটিৰ শক্তিপীঠত অনুষ্ঠিত সভাত সমিতিৰ নেতাসকলে আহি এইদৰে ক্ষোভ প্ৰকাশ কৰে। লগতে অসম চৰকাৰৰ ভূমি নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাই অসম চৰকাৰে অলপতে কৃষি ভূমিক বহিৰাগত উদ্যোগপতিক গটাই দিবলৈ প্ৰণয়ন কৰা ভূমিনীতিক থলুৱা নাগৰিকৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰে। লগতে এনে আইন শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। চৰকাৰে বছৰি এক লাখ থলুৱা নাগৰিকৰ ভূমিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত লৈছিল যদিও গুৱাহাটীৰ পট্টাহীন নাগৰিকৰ এজনকো আজিলৈকে মাটিপট্টা প্ৰদান নকৰিলে বুলি সভাই আক্ষেপ কৰি অহা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীৰ চূণচালিৰ গ্ৰাণ্ট এলেকাত মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। সভাত সমিতিৰ সভাপতি ডম্বৰুধৰ তালুকদাৰে পতাকা উত্তোলন কৰে । সম্পাদক নৰেন ৰয়ে আঁত ধৰা সভা খনত ডম্বৰুধৰ তালুকদাৰ, ৰত্নেশ্বৰ বসুমতাৰী, জীতেন পাটগিৰী, মুকুট সিংহ চুতীয়া, সূৰ্যকান্ত বৰা, মুনিন্দ্ৰ ডেকা, দেবেন্দ্ৰ পাটগিৰীৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।