পুৱাই ভূমিকম্পই জোকাৰি গ’ল মেঘালয়ৰ তুৰা।
মঙলবাৰে পুৱা তুৰাত অনুভূত হয় ৩.৭ প্ৰাবল্যৰ এটা ভূমিকম্প।
এনচিএছৰ তথ্য অনুসৰি তুৰাৰ পৰা ৫৯ কিলোমিটাৰ উত্তৰে, ২৯ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু।
আজি পুৱা ৬.৫৭ বজাত অনুভূত হয় কম্পন।
মণিপুৰৰ ননী জিলাত ৩.২ প্ৰাবল্যৰ ভূমিকম্পৰ কিছু ঘণ্টাৰ পিছতে মেঘালয়ত এই কঁপনি অনুভূত হয়।
মণিপুৰৰ ননীত পুৱতি নিশা প্ৰায় ২.৪৬ বজাত, ২৫ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হয়।
