পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

74

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাৰ জাডোৰা এলেকাত শুকুৰবাৰে নিশাৰ পৰা অব্যাহত থকা সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হৈছে।

জানিব পৰা মতে, অঞ্চলটোত আত্মগোপন কৰি থকা এটা সন্ত্ৰাসবাদীৰ দলৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে শুকুৰবাৰে নিশা অঞ্চলটোত অভিযান চলাইছিল।

নিৰাপত্তাৰক্ষীৰ অভিযানকালত সন্ত্ৰাসবাদীৰ দলটোৱে গুলীবৰ্ষণ কৰাত গুলীৰে প্ৰত্যুত্তৰ দিয়ে অভিযানকাৰী নিৰাপত্তাৰক্ষীয়েও। এই সংঘৰ্ষত এগৰাকী সেনাজোৱান আহত হোৱা বুলিও জানিব পৰা হৈছে। ইফালে নিহত সন্ত্ৰাসবাদীজন কোন দলৰ সদস্য সেয়া এতিয়াও জানিব পৰা হোৱা নাই।