পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰা হ’ব প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা, ৮০ কোটি ভাৰতীয়ই লাভ কৰিব বিনামূলীয়া ৰেচনঃ প্ৰধানমন্ত্ৰীৰ ঘোষণা

304

এক গুলীত দুই চিকাৰ! বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ছত্তীশগড়লৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। তাৰ পৰাই চলালে লোকসভা নিৰ্বাচনৰ প্ৰচাৰো। প্ৰধানমন্ত্ৰী মোদীয়ে ছত্তীশগড়ত জনসভা সম্বোধন কৰি আগন্তুক পাঁচ বছৰৰ বাবে ৮০ কোটি ভাৰতীয়ক বিনামূলীয়া ৰেচন প্ৰদানৰ ঘোষণা কৰে।

শনিবাৰে ছত্তীশগড়ৰ দুৰ্গত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “মই সিদ্ধান্ত লৈছো যে বিজেপি চৰকাৰে দেশৰ ৮০ কোটিৰো অধিক দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচন প্ৰদানৰ আঁচনিখন আৰু ৫ বছৰ বৃদ্ধি কৰিব। মানুহৰ মৰম আৰু আশীৰ্বাদে মোক সদায় পবিত্ৰ সিদ্ধান্ত ল’বলৈ শক্তি প্ৰদান কৰে।” মোদীৰ এই ঘোষণাৰ অৰ্থ হ’ল ক’ভিডৰ পিছৰ যুগত দেশবাসীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা ২০২৯ চনলৈকে চলি থাকিব।

উল্লেখযোগ্য যে ২০২০ চনত কোভিড-১৯ মহামাৰীৰ সময়ৰ পৰাই কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে বিনামূলীয়া ৰেচন বিতৰণ আঁচনি আৰম্ভ কৰিছিল। প্ৰতিমাহে প্ৰতিজন ব্যক্তিক ৫ কেজি খাদ্য শস্য আবণ্টন দিয়া হয়। প্ৰথম অৱস্থাত এই আঁচনি ৬মাহৰ বাবে আৰম্ভ কৰা হৈছিল। কিন্তু এই আঁচনিখন এতিয়াও চলি আছে। প্ৰধানমন্ত্ৰীয়ে এতিয়া জনাইছে যে বিজেপি চৰকাৰে এই প্ৰকল্প আগন্তুক পাঁচ বছৰলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণা তাৎপৰ্যপূৰ্ণ। প্ৰথমতে, ছত্তীশগড়ত বিজেপিৰ ওপৰত বৰ্তমান যথেষ্ট হেঁচা পৰিছে। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যৰ দলটোৰ দুৰ্বল প্ৰভাৱক নতুন শক্তি প্ৰদান কৰাৰ আশা কৰা হৈছে। একে সময়তে যিহেতু এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ, গতিকে মোদীয়ে চত্তীশগড়বাসীক স্পষ্ট কৰি দিছে যে তেওঁ আগন্তুক পাঁচ বছৰলৈকে কেন্দ্ৰত ক্ষমতাত থাকিব।