ক্ৰমাগতভাৱে দেশত ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। প্ৰতিদিনেই লাখ লাখ লোক এই মহামাৰীত আক্ৰান্ত হৈছে। প্ৰাণহানি হৈছে বহু জনৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্যানুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৪,০১,৯৯৩ জন লোক কোভিড আক্ৰান্ত হয়। ইফালে ৩৫২৩ জন লোকৰ কোভিডত মৃত্যু ঘটে এই সময়ছোৱাত। যোৱা ২৪ ঘণ্টাত ২,৯৯,৯৮৮ জন লোক কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে।
দেশত বৰ্তমানলৈ কোভিডত আক্ৰান্ত হৈছে ১,৯১,৬৪,৯৬৯ জন। বৰ্তমানলৈ ভাৰতত কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ২,১১,৮৫৩ জন। বৰ্তমানলৈ দেশত ১৫,৪৯,৮৯,৬৩৫ জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।
