পুনৰ সামাজিক সংকীৰ্ণতাৰ বলি হ’ল এটা ব্ৰাহ্মণ পৰিয়াল

425

পুণৰ সামাজিক সংকীৰ্ণতাৰ বলি হ’ল এটা ব্ৰাহ্মণ পৰিয়াল।
কিছুদিন পূৰ্বে সংঘটিত ধৰ্মীয় বৈষম্যতাৰ চাঞ্চল্য মাৰ নৌ- যাওঁতেই পুণৰ আন এটা পৰিয়াল বলি হ’ল সামাজিক গোড়ামিৰ।

পূৰ্বে এঘৰীয়া কৰা এটা পৰিয়ালক প্ৰসাদ খুৱাইছিল ছিপাঝাৰৰ ২ নং ঘোঁৰাশাল গাঁৱৰ আনন্দিপাৰাৰ দীনেশ শৰ্মাই।
সেই অপৰাধত ব্ৰাহ্মণ সমাজৰ শাস্তিৰ সন্মূখীন হ’ল দীনেশ শৰ্মাৰ পৰিয়াল।সমাজৰ পৰা কৰা হ’ল এঘৰীয়া ।উল্লেখ যোগ্য যে, দীনেশ শৰ্মাৰ গৃহত ধৰ্মীয় সকামত প্ৰসাদ খাবলৈ আহিছিল পূৰ্বে এঘৰীয়া কৰা এজন লোকে।

ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰা লোকজনক ব্ৰাহ্মণ পৰিয়ালৰ গৃহত প্ৰৱেশ আৰু প্ৰসাদ খোৱাটোৱেই হ’ল দীনেশ শৰ্মাৰ ভয়ংকৰ অপৰাধ।

কিন্তু কৌশলগতভাৱে জাননী পত্ৰত এঘৰীয়া শব্দটোৰ ব্যৱহাৰ নকৰাকৈয়ে সমাজচ্যুত কৰি শাস্তি বিহিলে দৰিদ্ৰ দীনেশ শৰ্মাৰ পৰিয়ালটোক ।
পৰিয়ালটোৱে সোমবাৰে লাভ কৰিছিল এক জাননী।
জাননীখনত উল্লেখ থকা অনুসৰি,
সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্ভুক্ত পৰিয়ালসমূহৰ গৃহ হোৱা কোনো অনুষ্ঠানতে অংশ ল’ব নোৱাৰিব দীনেশ শৰ্মা পৰিয়ালে।

কিন্তু জানেনে,
দীনেশ শৰ্মা নামৰ দৰিদ্ৰ লোকজন এবছৰ ধৰি আক্রান্ত হৈ আছে জটিল ৰোগত ।
পত্নীয়ে দিন হাজিৰা কৰি চলাই আছে পৰিয়ালটো।
কিন্তু ইয়াৰ মাজতে ব্ৰাহ্মণ সমাজৰ অমানৱীয় সিদ্ধান্তৰ বলি হৈ মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালটো।সমাজৰ এনে সিদ্ধান্তক গৰিহণা দিছে একাংশই।প্ৰশ্ন হয়- এনে সামাজিক বৈষম্যৰ অন্ত কেতিয়া ?নে এনেকৈয়েই এতিয়াও এচাম আভিজাত শ্ৰেণীৰ ধৰ্মীয় গোড়ামিৰ বলি হৈ মানসিক শাস্তি ভোগ কৰি যাব দীনেশ শৰ্মাৰ দৰে দৰিদ্ৰ পৰিয়ালসমূহে?