ৰাজ্যত ঘোচ লৈ কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সময়তে এইবাৰ দাবী কৰা ধন আদায় লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এজন কনিষ্টবল।
বঙাইগাঁৱৰ লেংটিছিঙা থানাৰ আৰক্ষী কনিষ্টবল পংকজ দাসক শুকুৰবাৰে ধন দাবীৰ অভিযোগত কৰা হয় গ্ৰেপ্তাৰ।
সূত্ৰ অনুসৰি অভিযুক্ত কনিষ্টবলজনৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে।
বঙাইগাঁও আৰক্ষীয়ে পংকজ দাসক আটক কৰি অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰে।
