নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণত হোৱা চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ মেথামফেটামাইন জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত ছাকাৰ্টুই চহুন অঞ্চলৰ লুংভেৰহত অভিযান চলাই মিজোৰামৰ চিআইডিয়ে জব্দ কৰে নিচা জাতীয় সামগ্ৰীখিনি। আৰক্ষীৰ দলটোৱে এখন ব’লেৰো বাহনত তালাচী চলাই ৪১.২৩৪ কিলোগ্ৰাম সন্দেহযুক্ত মেথামফেটামাইন জব্দ কৰে। জব্দ কৰা নিচা জাতীয় সামগ্ৰীখিনিৰ মুল্য প্ৰায় ৫ কোটি,৩৬ লাখ টকা বুলি জানিব পৰা গৈছে। নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন ম্যানমাৰৰ নাগৰিক সহ ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে।