পুনৰ ভয়াবহ ৰূপ কৰ’নাৰ! ৰাজ্যত জ্যেষ্ঠ চিকিৎসকৰ মৃত্যু

81

ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিশাল বিশাল জনসভা অনুষ্ঠিত হৈ থকাৰ সময়তে ক’ৰোনাত আক্ৰান্ত হৈ ৰাজ্যত এগৰাকী জ্যেষ্ঠ চিকিৎসকে প্ৰাণ হেৰুৱাইছে৷ উজনিৰ টীয়কত ক’ৰোনাত আক্ৰান্ত হৈ জ্যেষ্ঠ চিকিৎসকৰ মৃত্যু হৈছে৷ টীয়কৰ গুৱালগাঁৱৰ ডা০ অশ্বিনী কুমাৰ দত্তৰ অকালতে মৃত্যুক আকোৱালি লয়৷

ভগামুখ আদৰ্শ চিকিৎসালয়ৰ পৰা বদলি হৈ প্ৰায় ৫ দিন আগত মাজুলীৰ SDMO হিচাপে যোগদান কৰিছিল জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে৷ ক’ৰোৰনাত আক্ৰান্ত হৈ ভৰ্তি হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত৷ ক’ৰোনাৰ ভেকচিন তেওঁ গ্ৰহণ কৰা নাছিল বুলি জানিব পৰা গৈছে পৰিয়ালৰ লোকৰ পৰা৷