পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

75
Representational image

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

ৰবিবাৰৰ দিনটোত পেট্ৰ’লত বৃদ্ধি পালে ৮৯ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৮৫ পইচা।

বিগত ১২ দিনত প্ৰায় ৭ টকা পৰ্যন্ত বৃদ্ধি পালে ইন্ধনৰ মূল্য।

১৩ দিনত ১১ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো এনেদৰে পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

ৰবিবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ১০৩.৪৪ টকা আৰু ডিজেলৰ মূল্য ৮৯.২৯ টকা।

উল্লেখ্য যে, বিগত ২২ মাৰ্চৰ পৰা একেৰাহে বাঢ়ি আছে ইন্ধনৰ মূল্য।

কেৱল পেট্ৰ’ল-ডিজেলৰ মূল্যই নহয় ৰন্ধন গেছ, জেট ইন্ধন আদিৰো মূল্য যথেষ্ট বৃদ্ধি পাইছে।

যাৰ বাবে সম্প্ৰতি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে ।