পুনৰ বাংলাদেশী নাগৰিকৰ প্ৰসংগ

33

বাংলাদেশী অনুপ্ৰৱেশকাৰী বিষয়টোৱে দেশৰ লগতে উত্তৰ-পূব ভাৰতত বিশেষ চৰ্চা লাভ কৰাৰ সময়তে কলকাতাৰ পৰা এজন অবৈধ বাংলাদেশীক নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । এই বাংলাদেশী নাগৰিকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ লগতে ভুৱা পৰিচয় পত্ৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে । এই বাংলাদেশী নাগৰিকজন বাংলাদেশৰ নাৰাইল অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।জানিব পৰা মতে, এই সন্দেহযুক্ত বাংলাদেশী নাগৰিকজনে ২০২৩ চনৰ পৰা কলকাতাৰ খিদ্দেৰপুৰ অঞ্চলত ভাড়াঘৰত বাস কৰিছিল। এজন আৰক্ষী বিষয়াই জনোৱা মতে, এই বাংলাদেশী নাগৰিকজনে উত্তৰ ২৪ পৰগনা ঠিকনা আৰু পেন কাৰ্ড লিংক থকা এখন ভুৱা আধাৰ কাৰ্ড ক্ৰয় কৰিছিল।ইতিমধ্যে আৰক্ষীয়ে চক্ৰটোৰ সন্ধান উলিয়াবলৈ তদন্ত আৰম্ভ কৰাৰ লগতে আটক কৰা নাগৰিক কেইজনকো জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।