পুনৰ দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক

48

পুনৰ অসম আৰক্ষীয়ে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক । উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশত বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।একে সময়তে সীমান্তত নিয়মীয়া টহল অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই নিয়মীয়া টহল দি থকাৰ সময়তে দুই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে আৰক্ষীয়ে ।অসম আৰক্ষীয়ে আটক কৰে মঃ জুলমত আলী আৰু মঃ ছাকিল নামৰ দুই বাংলাদেশীক । ইয়াৰ পাছতে তালাচীৰ অন্তত দুয়োকে বিতাৰিত কৰা হয় । তেওঁ কয়, “আন্তঃৰাষ্ট্ৰীয় সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি তৎক্ষণাত বিতাৰিত কৰে ।”