পুনৰ গ্ৰেপ্তাৰ হব পাৰে অখিল গগৈ!

110

গুৱাহাটীঃ সুদীৰ্ঘ ডেৰ বছৰ কাল কাৰাগাৰৰ ভিতৰত কটাই যোৱা পহিলা জুলাইত মুকলি আকাশৰ তললৈ অহা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ পুনৰ গ্ৰেপ্তাৰ হব পাৰে।

উল্লেখ্য যে, চানমাৰি থানা গোচৰত এনআইএ আদালতে অখিল গগৈক দোষমুক্ত ঘোষণা কৰাৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল বিধায়কগৰাকী। কিন্তু এতিয়া এনআইএ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে এনআইএ। গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ চাৰ্জ ফ্ৰেম বিচাৰি এনআইএয়ে আবেদন দাখিল কৰাৰ পিছতে গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে।

প্ৰণিধানযোগ্য যে, এনআইএয়ে দাখিল কৰা আবেদনৰ আজি প্ৰথমটো শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইফালে গ্ৰেপ্তাৰ হোৱাৰ আশংকা নিজেই ব্যক্ত কৰি অখিল গগৈয়ে অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰে।

অখিল গগৈয়ে লগতে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ ৰচি আছে। উল্লেখ্য যে, কাৰাগাৰৰ পৰা ওলাই আহিয়েই পুনৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে অখিল গগৈয়ে।