পুনৰ গৃহবন্দী কৰা হৈছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক

85

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ (পিডিপি) মুৰব্বী মেহবুবা মুফতিক সোমবাৰে পুনৰ গৃহবন্দী কৰা হৈছে। জানিব পৰা মতে, মেহবুবা মুফতীয়ে শ্বপিয়ান জিলালৈ যোৱাৰ পৰিকল্পনা কৰি আছিল। কিন্তু নিৰাপত্তাজনিত কাৰণত শ্বপিয়ানলৈ যাবলৈ অনুমতি নিদিয়া বুলি উল্লেখ কৰি তেওঁক গৃহবন্দী কৰা হয়। অৱশ্যে, এই বিষয়ত এতিয়ালৈকে আৰক্ষীয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই। ইয়াৰ পূৰ্বে, পিডিপিৰ সভাপতি মেহবুবা মুফতিক যোৱা মাহৰ ৯ তাৰিখে গৃহবন্দী কৰি ৰখা হৈছিল।

মেহবুবা মুফতীয়ে সোমবাৰে শ্বপিয়ানত সন্দেহজনক পৰিস্থিতিত গুলিয়াই হত্যা কৰা শ্বাহিদ আহমেদ ৰাথাৰৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰি আছিল। তেওঁ মূলতঃ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ বাসিন্দা আছিল। এখন আপেলৰ বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল শ্বাহিদ আহমেদ ৰাথাৰ।

মেহবুবা মুফতিক গৃহবন্দী কৰাৰ পিছতে পিডিপিৰ এজন নেতাই চৰকাৰক আক্ৰমণ কৰি কয় যে সন্দেহজনক পৰিস্থিতিত নিহত এজন ব্যক্তিৰ পৰিয়ালক সান্ত্বনা দিয়াটো এতিয়া অপৰাধ হিচাপে গণ্য কৰা হৈছে। তেওঁ লগতে প্ৰশ্ন কৰে, “চৰকাৰৰ পৰা কোনোবাই পৰিয়ালটোক সান্ত্বনা দিবলৈ তেওঁৰ ঘৰলৈ গৈছে নেকি? প্ৰশাসনে ঘটনাটোৰ কোনো তদন্ত আৰম্ভ কৰিছে নে ভুক্তভোগীৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে?”