পুনৰ কৃত্ৰিম বানৰ কবলত গোলাঘাট নগৰ

308

পুণৰ কৃত্ৰিম বানৰ কবলত গোলাঘাট নগৰ

এজাক বৰষুণত জলমগ্ন হৈ পৰিল গোলাঘাটৰ তপন নগৰ, অনুপম ৰোড, শ্ৰীমন্ত নগৰৰ পথ সমুহ

উল্লেখযোগ্য যে প্ৰায় এমাহৰ পূৰ্বে স্থানীয় বিধায়ক আৰু ৰাজ্য চৰকাৰৰ বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে চি আই ডী এফ আচঁনিৰ অধীনত নিৰ্মান কৰি উলিওৱা তপন নগৰৰ নলা আৰু পথৰ আনুষ্ঠানিক উন্মোচন কৰিছিল। কিন্তু অতি দুখৰ বিষয় হৈ পৰিছে যে গোলাঘাট নগৰৰ পথ বহলি কৰণৰ লগতে লেতেৰা পানী নিষ্কাশনৰ ৰাজহুৱা স্বাৰ্থত স্থানীয় ৰাইজে নিজৰ অলপ ভূমি পৰ্যন্ত উৎসৰ্গা কৰিছিল আৰু কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মান কৰা এই পথ সমূহ ভৰি পৰিছে নলাৰ পানীৰে ।

এজাক বৰষুণৰ ফলত গোলাঘাট নগৰৰ মাজমজিয়াৰ এই অবস্থা বাৰিষাৰ পানী নব নিৰ্মিত নলা সমূহত যোৱাৰ বিপৰীতে ওলাই আহিছে পথত।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে চি আই ডী এফ আচঁনিৰ অধীনত নিৰ্মান কৰা তপন নগৰৰ কেবাটাও স্থানত থকা নলা আৰু কলভাৰ্ট সমুহ বিভাগীয় অভিযন্তাৰ নিৰীক্ষণ নকৰাকৈ পুনৰ নিৰ্মাণ আৰু ঠিকাদাৰৰ গাফিলতি ফলত আজি এই সমস্যাৰ সন্মুখীন হব লগিয়া হৈছে।