পুনৰ “কা” আন্দোলনে কঁপাব ৰাজ্য…

67

পুনৰ “কা” বিৰোধী আন্দোলনে কঁপাব ৰাজ্য। এইবাৰ এই আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্ব দিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। শাসকীয় বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে লুৰিণজ্যোতি গগৈয়ে।

তেওঁ কয়, “বিজেপিয়ে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰি নাগৰিকত্ব সংশোধনী আইন জাপি দিছে৷ পিছে, এয়া মানি নলওঁ ৷ আন্দোলন কাৰ্যসূচী পুনৰ আৰম্ভ হ’ব৷”

লুৰিণজ্যোতি গগৈৰ দাবী, গৃহীত ‘কা’ বিজেপি চৰকাৰক বাতিল কৰিবলৈ বাধ্য কৰিব লাগিব৷ অসমীযা জাতি টোপনি যোৱা নাই৷ জাতি সাৰে আছে৷ মাথোঁ কোভিড পৰিৱেশে জনতাক আবদ্ধ কৰি ৰাখিছে৷

মুখ্যমন্ত্ৰীক সমালোচনা কৰি যিকোনো কথা কৈ নিজৰ পদমর্যাদা লাঘৱ নকৰিবলৈ আহ্বান জনায় লুৰিণজ্যোতি গগৈয়ে৷ বিপৰীতে ভাৰতবৰ্ষৰ ইতিহাসত আন্দোলন নকৰাকৈ একো পোৱা নাই বুলিও মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷