পুনৰ এবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ…

86
Varanasi / India 25 April 2019 BJP party workers and supporters waved the Lotus print flags during PM Narendra Modi road show in Varanasi northern Indian state of Uttar Pradesh; Shutterstock ID 1385470790; Purchase Order: FIX0007020 ; Project: year in review; Client/Licensee: encyclopedia britannica

অসমত পুনৰ এবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হল। কালি ঘোষিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত ৭৫ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় বিজেপি মিত্ৰজোঁটে। ইয়াৰ বিপৰীতে মাত্ৰ ৫০ খন আসনতে সীমাবদ্ধ থাকিব লগা হ’ল কংগ্ৰেছ মহাজোঁটে।

আনফালে ‘কা’ আন্দোলনৰ পিছত গঠন হোৱা অসম জাতীয় পৰিষদে এখনো আসন লাভ কৰিব নোৱাৰিলে। সভাপতি লুৰীণজ্যোতি গগৈয়ে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও এটাও সমষ্টিত তেওঁ জয়লাভ কৰিব নোৱাৰিলে। তাৰ বিপৰীতে ৰাইজৰ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা কাৰাবন্দী অখিল গগৈ শিৱসাগৰত জয়লাভ কৰাত দলটোৰ কৰ্মকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে।