ৰাজ্যত পুনৰ এনকাউণ্টাৰ। অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ অনুমতি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰাৰ পিছতে ৰাজ্যত ইটোৰ পিছত সিটো এনকাউণ্টাৰ সংঘটিত কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ এইবাৰ আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হল দুধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী জামাল আলী।
উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহকাৰী জামাল আলীক বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ ৮ মাইলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ধৃত জামালক লৈ নিশা আৰক্ষীয়ে আন এজন অভিযুক্তক কৰায়ত্ত কৰিবলৈ যাওঁতেই পলায়নৰ চেষ্টা চলায় জামালে। যাৰ ফলত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।
আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ সৰবৰাহকাৰীজন বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।
