পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। পাঁচজন অস্ত্ৰধাৰী যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ অশান্ত হৈ পৰে ৰাজ্যখনৰ পৰিস্থিতি।বন্দীসকলক মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনাইছে মেটেই মহিলা সংগঠন মেইৰা পাইবিয়ে। ফলত মঙলবাৰে পুৱাৰে পৰা ইম্ফল উপত্যকা স্থবিৰ হৈ পৰিছে।
মণিপুৰ আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ৫ জন যুৱকক। আগ্নেয়াস্ত্ৰ আৰু সেনাৰ পোছাক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ। তেতিয়াৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষোভ বৃদ্ধি পাবলৈ ধৰিলে। পৰ্ম্পাট থানাত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় প্ৰতিবাদকাৰী। সমাৱেশ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কেইবাটাও ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰে। ফলত একাংশ প্ৰতিবাদকাৰী আৰু আৰ এফৰ জোৱান আহত হয়। ইয়াৰ পিছতে মেইৰা পাইবিকে ধৰি ৫টা স্থানীয় ক্লাবে ৰাজ্যজুৰি ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনাই বন্দীসকলক মুকলি কৰি দিয়াৰ দাবী জনায়। ইম্ফল ইষ্ট, ইম্ফল পশ্চিম, খুৰাই, কংবা, বিষ্ণুপুৰ, থৌবাল আদি অঞ্চলত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে মেটেই মহিলাসকলে। পথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত থাকে।
এই সন্দৰ্ভত অল লেংথেবল কেন্দ্ৰ ইউনাইটেড ক্লাবৰ সমন্বয় সমিতিৰ সভাপতি য়ুমনাম হিটলাৰে কয়, ‘গ্ৰেপ্তাৰ হোৱা পাঁচজন যুৱক গাঁৱৰ স্বেচ্ছাসেৱক। কুকি-জো উগ্ৰপন্থীৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ কাম কৰে। নিৰাপত্তা বাহিনীয়ে সঠিকভাৱে কাম কৰাত ব্যৰ্থ হয়। সেই যুৱক-যুৱতীসকলৰ বিনাচৰ্ত মুক্তি আমি বিচাৰো।” যুমনামে সকীয়াই দিয়ে যে যদিহে প্ৰশাসনে যুৱককেইজনক মুকলি কৰি নিদিয়ে, তেন্তে প্ৰতিবাদ তীব্ৰতৰ হ’ব।
