পুনৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

91

অশান্ত জৰ্জৰ মণিপুৰত সন্ত্ৰাসবাদী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। শুক্ৰবাৰে থৌবাল, কাকছিং,বিষ্ণুপুৰ আৰু পশ্চিম ইম্ফল জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে।‌লগতে KCPৰ এজন সদস্যক আটক কৰে নিৰাপত্তা বাহিনীয়ে। নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত এটা ইনছাছ ৰাইফল, চাৰিটা ৯ এম এম পিস্তল, ২১টা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে।