নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ দ্বাৰা পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে ভাৰতীয় বহুজাতিক শৈক্ষিক প্ৰযুক্তি প্ৰতিষ্ঠান BYJU’S ৰ সকলো বিজ্ঞাপনৰ পৰা বাদ পৰিল অভিনেতা শ্বাহৰুখ খান।
বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে শ্বাহৰুখ খানক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে লৈ বিজ্ঞাপন প্ৰচাৰৰ পিছত সন্মুখীন হোৱা সমালোচনাৰ বাবেই শেহতীয়াকৈ অভিনেতাগৰাকীক বিজ্ঞাপনৰ পৰা অস্থায়ীভাৱে আঁতৰোৱাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, ২০১৭ চনৰ পৰাই বহুজাতিক শৈক্ষিক প্ৰতিষ্ঠানটোৰ ব্ৰেণ্ড এম্বেচেদৰ হৈ আছিল শ্বাহৰুখ খান।
খবৰ অনুসৰি, তেওঁ এই শৈক্ষিক ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেচেডৰৰ বিনিময়ত বছৰি ৩-৪ কোটি টকা লাভ কৰে।
