পি পি ই কীটৰ নীলৰঙী সমুদ্ৰৰ মাজত আৰম্ভ হৈছে কেবিচি-১২ৰ শ্বুটিং, ফটো শ্বেয়াৰ কৰিলে বিগ বিয়ে…

127

ডিজিটেল ডেস্কঃ দেশত কোৰোনা ভাইৰাছৰ আতংক কিছু শাম কটাৰ পিছতে আৰম্ভ হৈছে বিগত প্ৰায় ৫ মাহে বন্ধ হৈ থকা ৰিয়েলিটী শ্ব, টিভি চিৰিয়েল আদিৰ দৃশ্যগ্ৰহণ। ২০২০ চনৰ কৌন বনেগা কড়ৌৰপতিৰ ১২ সংখ্যক চিজনৰ দৃশ্যগ্ৰহণো এতিয়া আৰম্ভ হৈছে। নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত কেবিচিৰ দৃশ্যগ্ৰহণৰ ফটো শ্বেয়াৰ কৰিছে জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ হোষ্ট বিগ বি অমিতাভ বচ্চনে।

কৌন বনেগা কড়োৰপতিৰ ১২ সংখ্যক চিজনৰ দৃশ্যগ্ৰহণৰ ফটো শ্বেয়াৰ কৰি অভিতাভ বচ্চনে লিখিছে, ‘পুনৰ কৰ্মজীৱনলৈ ঘূৰি আহিছো। এনে লাগিছে যেন আমি এতিয়া নীলৰঙী পি পি ই কীটৰ সমুদ্ৰৰ মাজত। কেবিচি ১২, ২০০০ চনত আৰম্ভ হৈছিল। আজি ২০২০ চন চলি আছে। ২০ বছৰীয়া এই যাত্ৰা, বিস্মিত হৈছো। এই যাত্ৰা জীৱনৰ বাবে।’

উল্লেখ্য যে, কোভিড-১৯ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠাৰ পিছতে বিগ বি অমিতাভ বচ্চনে আৰম্ভ কৰিছে কেবিচিৰ দৃশ্যগ্ৰহণ। তেওঁৰ দেহত ১১ জুলাইত কোভিড-১৯ ধৰা পৰিছিল। তাৰ পিছতে সেইদিনাই তেওঁ মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি হৈছিল। হাস্পতালত ২৩ দিনৰ চিকিত্সাৰ অন্তত যোৱা ২ আগষ্টত ঘৰলৈ উভতিছিল বিগ বি। আনহাতে অভিনেতা অভিষেক বচ্চনো আক্ৰান্ত হৈছিল কোভিড-১৯ত।