এক পাষৱিক কাণ্ড! দক্ষিণ কামৰূপৰ গৰৈমাৰীত নিজ পিতৃ-মাতৃয়েই পুখুৰীত দলিয়াই হত্যা কৰিলে নিজৰ কণমানি সন্তানক। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হত্যাকাৰী পিতৃ-মাতৃক উচিত শাস্তি বিহাৰ দাবী তুলিছে স্থানীয় ৰাইজে।
জানিব পৰা মতে, গৰৈমাৰীৰ কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া৷ বৃহস্পতিবাৰে নিশাও পতি-পত্নীৰ মাজত দুৰ্বাদল কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়াৰ মাজতে তেওঁলোকৰ ডেৰ বছৰীয়া শিশুটিৰ চিৎকাৰ শুনিবলৈ পায় ওচৰ চুবুৰীয়াই।
পুৱা শিশুটিক পুখুৰীৰ পানীত উপঙি থকা দেখি চুবুৰীয়াৰ মাজত হাহাকাৰ লাগে। ওচৰ চুবুৰীয়াৰ অভিযোগ অনুসৰি মিজানুৰ খান আৰু মালেকা খাতুনৰ মাজত বিবাহ বিচ্ছেদ হৈছিল যদিও যোৱা কিছুদিনৰ পৰা পুনৰ মালেকা খাতুনে স্বামীৰ লগত থাকিবলৈ আহিছিল। দুই পতি-পত্নীয়েই মিলি শিশুটিক পানীত পেলাই হত্যা কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
