পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, চিপ লৈ আত্মহত্যা যুৱকৰ।

259

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, চিপ লৈ আত্মহত্যা যুৱকৰ।
ৰূপহীহাটত চিপলৈ আত্মহত্যা ২২ বছৰীয়া এজন যুৱকৰ।
ৰূপহীহাটৰ মুৰিপুথিখাইটিত ঘৰৰ ভিতৰত ৰচীৰে চিপলৈ আত্মহত্যা কৰে ২২ বছৰীয়া যুৱক ৰাজিবুলে।
দুমাহ পূৰ্বে পলুৱাই যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৰাজিবুল।
স্বামী-স্ত্ৰীৰ মাজত ফোনত সংঘটিত হৈছিল বাক বিতণ্ডা, তাৰ পিছতেই এই চৰম সিদ্ধান্ত যুৱক জনৰ।চিপলোৱা অৱস্থা প্ৰত্যক্ষ কৰি ততাতয়াকৈ কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ইতিমধ্যে কাৱৈমাৰী আৰক্ষীয়ে মৃতদেহটো মৰুণত্বৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে