এগৰাকী আশা কৰ্মীক পানীৰ সৈতে নিচাজাতীয় খুৱাই অচেতন কৰি দুই মহিলাই লুটি লৈ গল ডিঙিৰ আৰু কাণৰ সোণৰ অলংকাৰ।
এই ভয়ংকৰ কাণ্ড সংঘটিত হৈ মৰিগাঁও চহৰত। জানিব পৰা মতে, শুকুৰবাৰে আশা কৰ্মী বিউটি বণিয়া দাসক সংজ্ঞানহীন কৰি দুই মহিলাই সংঘটিত কৰে এই ঘটনা।
ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে দুপৰীয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা উভটিছিল মৰিগাঁও বাখৰবড়ি নিবাসী আশা কৰ্মী বিউটি বণিয়া দাস। সেই সময়ত তেওঁৰ পিছে পিছে খোজকাঢ়ি আহি আছিল দুই মহিলাও।
একেলগে খোজকাঢ়ি আহি থকাৰ সময়তে দুই মহিলাৰ সৈতে সৌজন্যতামূলক কথা বতৰা হয় আশাকৰ্মী গৰাকীৰ। তাৰ পিছতে উৎকট গৰমৰ বাবে এগৰাকী মহিলাই বেগৰ পৰা এটা পানী বটল উলিয়াই আশাকৰ্মী বিউটি বণিয়াক যাঁচে।
আশাকৰ্মী গৰাকীয়েও কোনো কথা নাভাৱি বটলৰ পানী পান কৰাৰ পিছতে পথৰ ওপৰতে অচেতন হৈ পৰে। যাৰ সুযোগ লৈ মহিলা দুগৰাকীয়ে তেওঁ পিন্ধি থকা সোন আৰু ৰূপৰ অলংকাৰ আৰু কিছু নগদ ধন লৈ উধাও হয়।
ইফালে এগৰাকী ই-ৰিক্সা চালকে পৰৱৰ্তী সময়ত আশাকৰ্মী বিউটি বণিয়াক অচেতন হৈ পৰি থকা দেখি মৰিগাঁও অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোৱায়। বর্তমান হাস্পতালতে চিকিৎসাধীন হৈ আছে আশাকৰ্মী গৰাকী।