ইণ্ডিগোৰ বিমানত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিমান পৰিচাৰিকাক। মালদ্বীপৰ পৰা অহা এজন যাত্ৰীক গ্ৰেপ্তাৰ। বিমান পৰিচাৰিকাগৰাকীৰ সৈতে আকাশ মাৰ্গত অশ্লীল আচৰণ কৰাৰ অভিযোগত অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিমানখনৰ আন যাত্ৰীসকলো এই ঘটনাত অস্বস্তিত পৰে।
ইণ্ডিগ’ৰ সূত্ৰ অনুসৰি যোৱা শুকুৰবাৰে মালদ্বীপৰ পৰা বাংগালুৰুলৈ যোৱা ৬ই ১১২৮ নম্বৰৰ বিমানখনত সংঘটিত হয় এই ঘটনা। বিমানখন মালদ্বীপ বিমানবন্দৰৰ পৰা বিয়লি প্ৰায় ৩.৪৫ বজাত বেংগালুৰু অভিমুখে ৰাওনা হয়। অভিযুক্ত যাত্ৰীজনৰ নাম আক্ৰাম আহমেদ। বিমানখন আকাশৰ মাজত থকাৰ সময়তে আক্ৰমে বিয়েৰ বিচাৰে। যাত্ৰীসকলক পানীয় খুৱাই থকা অৱস্থাত বিমান পৰিচাৰিকাগৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।
আন বিমান পৰিচাৰিকাসকলে এই কথা লক্ষ্য কৰে। সহকৰ্মীক সহায় কৰিবলৈ আহিলে নিজেই যৌন নিৰ্যাতনৰ সন্মুখীন হয়। অভিযুক্ত যাত্ৰীগৰাকীয়ে যুৱতীসকলক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ অভিযোগ। বিমান পৰিচাৰিকাসকলে পাইলটকে ধৰি বিমান পৰিবহণৰ উচ্চপদস্থ বিষয়াসকলক যৌন নিৰ্যাতনৰ কাণ্ডৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে বাংগালুৰুত বিমানখন অৱতৰণৰ লগে লগে অভিযুক্ত আক্ৰামক গ্ৰেপ্তাৰ কৰে। আদালতৰ নিৰ্দেশত তেওঁক আপাততঃ ন্যায়িক জিম্মাত ৰখা হৈছে। অৱশ্যে এই ঘটনাই ইণ্ডিগ’ৰ বিমানত কোনো প্ৰভাৱ পেলোৱা নাছিল।
