দেওবাৰে মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন হোৱা চাৰিজন কিশোৰৰ তিনিজনক মৃত অৱস্থাত উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে। লুইতৰ বুকুত কৰুণ মৃত্যুক আঁকোৱালি লোৱা কিশোৰ কেইজন ক্ৰমে- অবিনাশ দাস, জিত দাস আৰু দয়াল শ্বেখ বুলি জানিব পৰা গৈছে।
ইফালে আনজন কিশোৰ দ্বীপ সৰকাৰৰ সম্ভেদ এতিয়াও উলিয়াব পৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে। লুইতৰ বুকুত বৰ্তমানো SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে। নৈত গা ধুবলৈ গৈ তিনি কিশোৰে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই শোকৰ সৃষ্টি কৰিছে।
