প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এতিয়া আৰম্ভ কৰিছে ভাৰতীয় শিক্ষাক গেৰুৱাকৰণ কৰাৰ প্ৰচেষ্টা। এই অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে। যোৱা কেইমাহমানৰ পৰা এনচিইআৰটিৰ নিৰ্দেশনা অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰিৱৰ্তন ঘটিছে। মোগল যুগ, ডাৰউইনৰ বিৱৰ্তন, নাৰী আন্দোলনৰ ইতিহাস আদি গুৰুত্বপূৰ্ণ অধ্যায়বোৰ পাঠ্যপুথিৰ পৰা বাদ দিয়া হৈছে। এই পৰিস্থিতিত এনচিইআৰটিৰ অনুমোদিত বিভিন্ন পাঠ্যপুথিৰ ৩৩ জন শিক্ষাবিদে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ একচেটিয়া কৰ্তৃত্বৰ বিৰোধিতা কৰি অব্যাহতি বিচৰা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
সমগ্ৰ বিষয়টোৰ ওপৰত নিজৰ মতামত দি এনচিইআৰটিৰ সঞ্চালক ডিপি সাকলনীলৈ ৩৩ গৰাকী শিক্ষাবিদে পত্ৰ লিখিছে। ‘পাঠ্যপুথি উন্নয়ন সমিতি’ (টিডিএছ)ৰ সদস্যসকলে লিখা পত্ৰখনত কোৱা হৈছে যে, “এনচিইআৰটিয়ে শিক্ষাবিদসকলৰ পৰামৰ্শ নোলোৱাকৈ একপক্ষীয়ভাৱে পাঠ্যপুথিসমূহৰ পাঠ্যক্ৰম সলনি কৰি আছে। সেই কিতাপবোৰ আমাৰ সামূহিক সৃষ্টিশীল প্ৰচেষ্টাৰ ফল বুলি দাবী কৰাটো কঠিন হৈ পৰিছে।” শিক্ষাবিদসকলে সমগ্ৰ বিষয়টোক চিন্তাৰ বিষয় বুলি গণ্য কৰে। এনে পৰিস্থিতিত তেওঁলোকক অব্যাহতি দিবলৈ ‘পাঠ্যপুথি উন্নয়ন সমিতি’ (টিডিচি)ৰ পৰা অনুৰোধ কৰা হৈছে। এই ৩৩ জনৰ ভিতৰত আছে ২০০৫-০৭ চনৰ ভিতৰত প্ৰকাশিত পাঠ্যপুথিৰ মুখ্য উপদেষ্টা যোগেন্দ্ৰ যাদৱ আৰু সুহাস পালচিকাৰো।
মন কৰিবলগীয়া যে এনচিইআৰটিৰ নীতি-নিৰ্দেশনা অনুসৰি বিভিন্ন শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰিৱৰ্তন হ’লেও কেন্দ্রই এইটো এটা নিয়মীয়া পৰিৱৰ্তন বুলি দাবী কৰিছে। এই যুক্তিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেঁচা কমোৱাৰ বাবেও দিয়া হৈছে। যদিও বিৰোধীয়ে বাৰে বাৰে অভিযোগ কৰি আহিছে, তথাপিও সংকীৰ্ণ ধৰ্মীয় আৰু ৰাজনৈতিক স্বাৰ্থৰ বাবে বিজেপিয়ে ইটোৰ পিছত সিটোকৈ পাঠ্যক্ৰম সলনি কৰি আছে। ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেঁচা হ্ৰাস কৰাটো এটা ভুৱা যুক্তি। শিক্ষাৰ ক্ষেত্ৰত কেশৰীকৰণৰ পথত আগবাঢ়িছে মোডী চৰকাৰ।
