পাকিস্তানত বাছ বিস্ফোৰণত ৯ গৰাকী চীনা নাগৰিক নিহত

118

আন্তঃৰাষ্ট্ৰীয় খবৰঃ উত্তৰ পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত বুধবাৰে সংঘটিত এক বাছ বিস্ফোৰণত ১৩ জনকৈ লোক নিহত হয়। নিহত সকলৰ ৯ গৰাকী চীনা নাগৰিক আছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, স্থানীয় সময়ানুসৰি পুৱা ৭.৩০ বজাত বাছখনত বিস্ফোৰণ সংঘটিত হোৱাত বাছখনৰ ভিতৰত থকা আটাইকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। পিছত হাস্পতাললৈ নিয়াৰ পথত চীনা নাগৰিকসহ ১৩ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱায়। বাছখন চীন আৰু পাকিস্তানৰ মিত্ৰতাপূৰ্ণ নিৰ্মীয়মান দাচু জলবিদ্যুৎ প্ৰকল্প অভিমুখে গৈ আছিল।

ইফালে প্ৰথমাৱস্থাত পাকিস্তানে প্ৰকৃত ঘটনাক গাপ দিয়াৰ চেষ্টাৰে এয়া এক দুৰ্ঘটনা বুলি প্ৰকাশ কৰিলেও পৰৱৰ্তী সময়ত চীনা দূতাবাসে এয়া বিস্ফোৰণৰ ঘটনা বুলিহে স্পষ্ট কৰে। অৱশ্যে এই বিস্ফোৰণ কিদৰে সংঘটিত হল তাক লৈ এতিয়াও ৰহস্যৰ সৃষ্টি হৈ আছে।

উল্লেখ্য যে, পাকিস্তান আৰু চীনৰ কূটনৈতিক সম্পৰ্কক লৈও পাকিস্তানৰ একাংশ বিদ্ৰোহী সংগঠনে আপত্তি দৰ্শাই আহিছে। তেনে পৰিপ্ৰেক্ষিততে বাছখনত বিস্ফোৰণ সংঘটিত কৰা হৈছে নেকি বুলিও সন্দেহ বৃদ্ধি পাইছে। চীনা ৰাষ্ট্ৰদূতে ঘটনাৰ তদন্ত কৰিবলৈ পাক প্ৰধানমন্ত্ৰী ইমৰান খানক আহ্বান জনাইছে।