পহিলা মাঘত বনভোজ খাবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা! আহত ২৪ জন

294

মাঘৰ প্ৰথমটো দিনটোতেই হাইলাকান্দিত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে, হাইলাকান্দিৰ কাটাখালত বনভোজকাৰী দল কঢ়িয়াই নিয়া এখন তীব্ৰবেগী ট্ৰেভেলাৰ আৰু এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষৰ পিছতে পথৰ পৰা উফৰি দ খাৱৈত বাগৰি পৰে ট্ৰেভেলাৰখন। এই দুৰ্ঘটনাত ২৪ জন লোক আহত হয়। ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ গাড়ীখন AS11 BC 2102 নম্বৰৰ আছিল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু SDRFৰ দল উপস্থিত হৈছে। বনভোজ খাবলৈ গৈ এনেদৰে দুৰ্ঘটনাত পতিত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি আছে বনভোজকাৰী দলটো।

এই দলটোত মুঠ কিমানগৰাকী ব্যক্তি আছিল তথা তেওঁলোকৰ বিষয়ে সবিশেষ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰাৰ পাছতহে তথ্য জানিব পৰা যাব।