ঋতু পৰ্ণ শৰ্মা, নগাঁও: ১৭ অক্টোবৰ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত মৰিগাঁও জিলা কবি সন্মিলনৰ অন্যতম শাখা কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনখনি শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে পশ্চিম বামুণবড়ি যুৱ সংঘৰ সহযোগত পশ্চিম বামুণবড়ি যুৱ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিবেশনৰ পুৱা ৮.৩০ বজাত সন্মিলনৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই । ইয়াৰ পাছতে ৯ বজাত বন্তি প্ৰজ্বলন কৰে সুৰকান্ত বৰা, মাঘৰাম দেউৰী, দিবেন্দ্ৰ নাথ, কল্পনা বৰা আৰু ধৰিত্ৰী শৰ্মাই তথা স্মৃতি তৰ্পণ কৰে যাদৱ ফুকনে ।
এই দুই কাৰ্যসূচীৰ আঁত ধৰে কৃষ্ণকান্ত ডেকা আৰু দীপসঙ্গীত বৰুৱাই। বিয়লি ১ বজাত হিতেশ ডেকা, মেদিনী মোহন ডেকা আৰু দেৱজিৎ ডেকাৰ পৰিচালনাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । ২.৩০ বজাত অনুষ্ঠিত বিষয় বাচনি সভাত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী আৰু জিলা পৰ্যবেক্ষক ‘‘নতুন কবিতা’’ৰ প্ৰতিনিধি জিতুমণি বৰদলৈ।
বিষয় বাচনি সভাত ভূৱন চন্দ্ৰ ডেকাক সভাপতি আৰু পাৰ্থ প্ৰতীম বৰাক সম্পাদক হিচাপে লৈ কপাহেৰা আঞ্চলিকৰ নতুন সমিতিখন গঠন কৰা হয় । ইয়াৰ পাছতেই ভূৱন চন্দ্ৰ ডেকাৰ সভাপতিত্বত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী, জিলা সম্পাদক ভৱেন চন্দ্ৰ নাথ, জিলা সহকাৰী সম্পাদক ৰাজীৱ চহৰীয়া আৰু ‘’নতুন কবিতা’’ৰ প্ৰতিনিধি জিতু মণি বৰদলৈ উপস্থিত থাকে ।
সভাত মাধৱ চন্দ্ৰ ডেকাৰ সম্পাদনাত প্ৰকাশিত ’’গুঞ্জৰিত কপাহেৰা”ৰ অধিৱেশন বিশেষ সংখ্যাটো উন্মোচন কৰে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতীয়ে ৷ উক্ত সভাতেই সৰ্প বিশেষজ্ঞ বিদ্যুৎ কুমাৰ বৰাক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পাছতেই হেমন্ত ভাৰতীৰ সঞ্চালনাত হোৱা কবিতা পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে পাৰ্থ প্ৰতীম বৰা, তীৰ্থ নাথ বৰুৱা, দীপসঙ্গীত বৰুৱা, বিজয়া বৰা আদিকে ধৰি প্ৰায় ডেৰকুৰি কবিয়ে ।
উক্ত কাৰ্যসূচীসমূহ আঁত ধৰে অচ্যুৎ কৃষ্ণ শইকীয়া আৰু মানস প্ৰতীম দেউৰীয়ে । সন্ধ্যা ৬ বজাত মাধৱ চন্দ্ৰ ডেকাই শলাগৰ শৰাই আগবঢ়াই আৰু কাব্যমন্ত্ৰ পাঠেৰে সভাৰ সামৰণি মৰা হয় ।
